ভাৰত-বাংলাদেশৰ খেলৰ পিছতেই গ্ৰেপ্তাৰ হ'ব নেকি এইগৰাকী ষ্টাৰ ক্ৰিকেটাৰ?

DY365
DY365
Published: September 24,2024 08:47 PM
DY365

Story highlights

ভাৰত-বাংলাদেশৰ খেলৰ পিছতেই গ্ৰেপ্তাৰ হ'ব নেকি এইগৰাকী ষ্টাৰ ক্ৰিকেটাৰ?

২৪ ছেপ্তেম্বৰ,২০২৪-   ভাৰত-বাংলাদেশৰ খেলৰ পিছতেই গ্ৰেপ্তাৰ হ'ব নেকি এইগৰাকী ষ্টাৰ ক্ৰিকেটাৰ?



বাংলাদেশ ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ ছাকিব আল হাছান বাংলাদেশলৈ উভতি গ’লেই গ্ৰেপ্তাৰ হ'ব পাৰে। বৰ্তমান টীম ইণ্ডিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলি থকা ষ্টাৰ ক্ৰিকেটাৰগৰাকীয়ে দেশলৈ ঘূৰি যাবনে- ইয়াক লৈ এতিয়া প্ৰশ্ন উঠিছে। চলিত মাহৰ শেষৰ ফালে বাংলাদেশে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এক ঘৰুৱা টেষ্ট শৃংখলা খেলিব, যত তাৰকা অলৰাউণ্ডাৰগৰাকীৰ অংশগ্ৰহণ নিশ্চিত নহয়।
কাৰণ বিগত মাহত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছৰে পৰা বাংলাদেশত ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছে। চাকিব আল হাছান চলিত বৰ্ষৰ আৰম্ভণিতে হাছিনাৰ আৱামী লীগ দলৰ সাংসদ হৈছিল আৰু চৰকাৰৰ অংশও আছিল। কিছুদিন পিছত আন্দোলনকাৰী ছাত্ৰৰ মৃত্যুৰ গোচৰত ১৪৭জন লোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হয় আৰু তাত শ্বাকিবকো অভিযুক্ত কৰা হয়। সেই সময়ত ছাকিব আল হাছান বাংলাদেশত  নাছিল যদিও এই সমগ্ৰ ঘটনাৰ পিছৰে পৰা ক্ৰিকেটাৰগৰাকী বাংলাদেশলৈ উভতি যোৱা নাই।
ছাকিব আল হাছানৰ বিৰুদ্ধে FIR ৰুজু হোৱাৰ পিছতেই বাংলাদেশলৈ উভতি আহিলেই গ্ৰেপ্তাৰ কৰা হ’ব নেকি বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এই আশংকাৰ বাবেই এতিয়াও ছাকিব আল হাছান বাংলাদেশলৈ উভতি যোৱা নাই। এই সন্দেহ আৰু আশংকা দূৰ কৰিবলৈ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ বিষয়া শ্বাহৰয়াৰ নাফিছে ঢাকাত মন্তব্য কৰিছে যে ছাকিব আল হাছান বাংলাদেশলৈ ঘূৰি আহিব আৰু কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ’ব।


Related

TWITTER

FACEBOOK